Assamese (228)
Tutor Marked Assignment
20% Marks Of Theory
1. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ ৪০-৬০ টা শব্দৰ ভিতৰত দিয়ক।
ক) জাৰকালি কেতেকী ফুল ফুলাবলৈ চৰাইজনীয়ে কি কৰাৰ কথা কৈছিল?
খ) নৈৰ সোঁতৰ লগত সময়ক কিয় তুলনা কৰা হয়।
২। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ৪০-৬০টা শব্দৰ ভিতৰত দিয়ক।
ক) নিউয়ৰ্কৰ জাতীয় চিৰিয়াখানাত লেখক হেম বৰুৱাৰ মনটো কিয় বিষণ্ণ হৈ পৰিছিল?
খ) অৰুণোদয় পথৰ জৰিপৰ কামত কিয় পলম হৈছে?
৩। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ৪০ ৬০ টা শব্দত দিয়ক।
ক) আমেৰিকাবাসীসকলৰ কি গুণত আইতা মুগ্ধ হৈছে?
খ) কম্পিউটাৰে পুথিভঁৰালৰ কামত কেনেধৰণে সহায় কৰে।
৪। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ১০০-১৫০ টা শব্দত দিয়ক।
ক) মানৱ অধিকাৰ সংৰক্ষণৰ বাবে প্রয়োজনীয় কি কি ব্যৱস্থা স্থাপন কৰিবলৈ লেখকে পৰামৰ্শ আগবঢ়াইছে।
খ) শৰৎ কালত প্ৰকৃতিৰ বুকুত যিবোৰ পৰিৱৰ্তন দেখা দিয়ে, সেই পৰিবৰ্তনসমূহ নিজৰ ভাষাত লিখা।
৫। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ১০০-১৫০ টা শব্দত দিয়ক।
ক) "তুলাৰামৰ অন্তৰত দেখা দিলে বংশ মর্যাদা আৰু পূৰ্বপুৰুষৰ স্মৃতিয়ে মাজত সোমাই থকা কথাখিনি লিখা।
খ) তলৰ গদ্য ফাঁকিৰ পৰা এটি সাৰাংশ প্ৰস্তুত কৰা।
সিদ্ধি নহ'লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি। চঞ্চল মানুহে কৰিব বুলি কাম এটা হাতত লয় আৰু জয়জয়তে তাক বৰ উৎসাহেৰে কৰে পাছে কামটো সিদ্ধ নহ'লে এৰি পেলায়। জনাই সেই কামত হাত নিদিয়ে। প্রতিজ্ঞা কৰি কামত লগা মানুহেহে ঘনে পতি চেষ্টা কৰে। আৰম্ভ কৰা কাম এবাৰত নিসিজিলে পুনৰায় চেষ্টা কৰাকে অধ্যৱসায় বোলে। অধ্যবসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। মনত প্ৰতিজ্ঞা থাকিলে মানুহে অধ্যৱসায়ৰ যোগেদি কামত সিদ্ধি লাভ কৰিব পাৰে।
৬। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ প্ৰায় ৩০০-৩৫০ টা শব্দত দিয়ক।
ক) তোমাৰ ওচৰৰ চৰকাৰী চিকিৎসালয়ৰ খা-খবৰ জনাই বাতৰি কাকতৰ সম্পাদকলৈ এখন চিঠি লিখা।
খ) ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্বন্ধে বহলাই আলোচনা কৰা।